কামপুৰঃ দেশৰ অৰ্থনীতিৰ কামিহাড়স্বৰূপ কৃষকেই বাৰম্বাৰ যেন হাৰ মানিবলগা হয় জীৱন যুঁজত। তেনেই এক পৰিস্থিতিৰ উদ্ভৱ হৈছে কঠিয়াতলী আৰু কামপুৰ মৌজাত। কঠিয়াতলী আৰু কামপুৰ মৌজৰ অৰ্ন্তগত হাজাৰ হাজাৰ বিঘা বড়োধানৰ খেতি পানীৰ তলত ডুব গৈছে৷ প্ৰকৃতিৰ সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি ভূমিৰ কাষত দূৰ্ভগীয়া কৃষকৰ কৰযোৰে প্ৰাৰ্থনা কৰিছে। ৰাইজৰ প্ৰাৰ্থনা শুনিবলৈ আহৰি হয়তো কাৰো নাই৷
কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত তথা সাংসদ ও ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে। উপায়ন্তৰ হৈ কৃষকসকলে কৃষি ভূমিৰ কাষত প্ৰাৰ্থনা জনাইছে নেদেখাজনক। উল্লেখ্য যে কপিলী, বৰপানী, নিশাৰী, হাৰীয়া নদীৰ মাথাউৰি নিৰ্মাণ নকৰাৰ বাবেই প্ৰতি বছৰে কৃষক সকলৰ সোণালী সপোন ভাঙি চুৰমাৰ কৰিলে আৱতৰীয়া বানে।