Home ৰাজ্যঅভয়াপুৰীত কাতি বিহুৰ উখল মাখল পৰিৱেশ

অভয়াপুৰীত কাতি বিহুৰ উখল মাখল পৰিৱেশ

by News Desk
78 views
A+A-
Reset

অভয়াপুৰীঃ বিহু বুলি ক’লেই অসমবাসীৰ মাজত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। কিন্তু কাতি বিহু ইয়াৰ পৰা অলপ ব্যতিক্ৰম। অসম কৃষি প্ৰধান দেশ। সোনগুটিৰে ভঁৰাল শুৱনি কৰিব হেপাঁহৰ সেউজীয়া ধাননি ডৰাই, আশা কৃষকৰ। পথাৰবোৰ গাভৰু হোৱাৰ সময়ত সেউজীয়া ধাননি পথাৰ বিনষ্টকাৰী পোক-পতংগবোৰ নিঃশেষ কৰাৰ বাবেই ধাননি পথাৰত চাকি জ্বলোৱা পৰম্পৰা সৰ্বজনবিদীত। কৃষিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই কাতি বিহুৰ বৈশিষ্ট্য লেখত লবলগীয়া। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত পালন  হোৱা এই বিহুৰ আন এক পৰিচয় হ’ল কঙালি। 

ৰাজ্যখনৰ অন্য প্ৰান্তৰৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো এইবেলি চহা ৰাইজে পৰম্পৰাগত ভাবে পালন কৰিছে কাতি বিহু। অসমীয়াৰ হিয়াৰ আমঠু কাতি বিহুৰ দিনাখন চহা ৰাইজে তুলসীৰ তলত চাকি জ্বলাই আৰাধ্য দেৱতাৰ আৰ্শীবাদ লৈ ঘৰে ঘৰে নাম প্ৰসংগ কৰি ধাননি পথাৰ বিনষ্টকাৰী পোক-পতংগ নিঃশেষ কৰাৰ উদ্দেশ্যে আৰু কঙালীত প্ৰায় উদং হৈ পৰা ভঁৰাল ভোগালীত ভৰি উঠাৰ আশাৰে চাকি জ্বলাই নেদেখাজনক প্ৰাৰ্থনা জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0