newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত এটি ভয়াবহ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দিল্লীক৷ দিল্লীৰ চান্দনী চ’কৰ ৰাবিয়া নামৰ এখন ব্যক্তিগত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকে মাচুল আদায় নিদিয়াত ৪-৫ বছৰীয়া শিশুক কোঠালিত বন্ধ কৰি ৰখাৰ ঘটনা পোহৰলৈ আহিছে৷ দিল্লী আৰক্ষীয়ে স্থানীয় ব্যক্তিগত স্কুলখনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰি গোচাৰ ৰুজু কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷
মুঠ ১৬গৰাকী শিশুক আৱদ্ধ কৰি ৰখা হৈছিল এই বিদ্যালয়খনৰ কোঠালিত৷ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ এনে কাণ্ডক শিশুসকলৰ পিতৃ-মাতৃয়ে সহজেই লব পৰা নাই৷ জানিব পৰা মতে, দিল্লীৰ চান্দনী চ’কৰ ৰাবিয়া নামৰ ব্যক্তিগত বিদ্যালয়খনৰ একাংশ অভিভাৱকে সময় মতে দিয়া নাছিল তেওঁলোকৰ সন্তানৰ মাচুল৷ বহুবাৰ জাননী যোগে জনাই দিয়া হৈছিল সময়মতে মাচুল আদায় দিবলৈ৷ তাৰ পিছতোঁ অভিভাৱকে বিষয়টোক গুৰুত্ব প্ৰদান নকৰাত সোমবাৰে মাচুল অনাদায় শিশু ছাত্ৰসকলক এটি কোঠাত আৱদ্ধ কৰে স্কুল কৰ্তৃপক্ষই৷