newsnextone.com | গুৱাহাটীঃ অসমীয়াৰ আৱেগ অনুভূতি নদী দ্বীপ মাজুলী৷ মাজুলী সদায় অসমীয়াৰ পৰিচয়৷ মাজুলীৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্যই বিশ্বত সদায় অসমীয়া জাতিক চিনাকী কৰি দি আহিছে৷ মাজুলী সংকটাপন্ন যদিও মাজুলী সদায় সকলোৰে আপোন।
প্ৰতিবছৰে বানপানী, খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰে মাজুলীবাসীয়ে। মাজুলীৰ সংকটাপন্ন কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা সমস্যা সমূহ দাঙি ধৰিবলৈ এক প্ৰচেষ্টা চলাইছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তি বিশেষে৷