গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক মহলাৰ পৰীক্ষাৰ ক্ষেত্ৰত জাৰি কৰা শেহতীয়া নিৰ্দেশনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ সম্মুখত আমৰণ অনশন অব্যাহত ৰাখিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষাণ্মাষিকৰ নিয়ম অনুসৰি দ্বিতীয় ষাণ্মাসিকত কোনো বিষয়ত বেক থকা শিক্ষাৰ্থীয়ে ষষ্ঠ আৰু দ্বিতীয় ষাণ্মাসিকত একেলগে অৱতীৰ্ণ হব নোৱাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী জাৰি কৰাৰ পিছতে উত্তাল হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ।
ছাত্ৰ-ছাত্ৰীৰ জীৱনক বিপন্ন নকৰিবলৈ আৰু দ্বিতীয় আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিবলৈ দিয়াৰ লগতে স্নাতক মহলাৰ পৰীক্ষাৰ বিভিন্ন আঁসোৱাহ দূৰ কৰাৰ বাবে দাবী উত্থাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।