কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰস্থিত ভবানীপুৰৰ যুৱ ব্যৱসায়ী ৰঞ্জিত দত্তক আৰক্ষীয়ে উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা ব্যৰ্থতাৰ প্ৰতিবাদত তথা অপহৃতৰ মুক্তিৰ দাবীত বাঙালী যুৱ কল্যাণ পৰিষদ নামৰ সংগঠনটোৱে ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বজাৰ পৰাই অনিৰ্দিষ্টকালীন কোকৰাঝাৰ জিলা বন্ধ ঘোষণা কৰিছিল যদিও অাজি অনিৰ্দিষ্টকালীন কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ কৰে ৷
আজি বিয়লি কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীৰ আহবান মৰ্মে উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰশাসন, বাঙালী যুৱ কল্যাণ পৰিষদ আৰু ব্যৱসায়ী সন্থাৰ মাজত এক বৈঠক অনুষ্ঠিত হয় ৷