কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ দুদিন পূৰ্বেই ছালাকাটি আৰক্ষী চকীত অস্ত্ৰ জমা দি ঘৰলৈ গুচি গৈছিল লাফিকুল ইছলামৰ সতে থকা দেহৰক্ষী জাকিৰ হুছেইন। দেওবাৰৰ পুৱা অৰ্থাৎ ৩০ জুলাইৰ ১১ মান বজাতে ছালাকাটি আৰক্ষী চকীত অস্ত্ৰ জমা দি কোকৰাঝাৰৰ পৰা নিজ গৃহ হাজোলৈ ৰে’লেৰে ৰাওনা হৈছিল দেহৰক্ষী জাকিৰ হুছেইন। এই বিস্ফোৰক তথ্য সদৰী কৰিছে লাফিকুল ইছলাম আহমেদৰ গাড়ীচালক নুৰ মহম্মদ শ্বেখ।
মহম্মদ শ্বেখে কয় যে দেওবাৰৰ পুৱা ১১ মান বজাত দেহৰক্ষী জাকিৰ হুছেইনে অস্ত্ৰটো কাপোৰেৰে মেৰিয়াই ছালাকাটি আৰক্ষী চকীত জমা দিছিল। দেহৰক্ষীজনক তেওঁ গাড়ীৰে লৈ গৈছিল আৰু অস্ত্ৰ জমা দিয়াৰ পিছত দেহৰক্ষীজনক কোকৰাঝাৰ ৰেলৱে ষ্টেচনত থবলৈ গৈছিল।