লাহৰীঘাটঃ খহনীয়াই ভয়াৱহ ৰূপ লৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত৷ অঞ্চলটোৰ কেবাখনো গাঁও ইতিমধ্যে ব্রহ্মপুত্রৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে৷ ফলত নিশাটোৰ ভিতৰতে পথৰ ভিক্ষাৰীত পৰিণত হ’বলগীয়াত পৰিছে শতাধিক লোক৷
চলিত মাহতে গৰখীয়া খুটি, বড়ীগাওঁ, টুকলংবড়ী আৰু কাঠনী এই চাৰিখনকৈ গাঁও বিলীন হৈছে লুইতৰ বুকুত৷ এনেদৰে সুদীর্ঘ ৩৩ বছৰ ধৰি অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে যদিও চৰকাৰে আজি পৰ্যন্ত বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷