Blue Whale গেমলৈ আপোনাক স্বাগতম। আপুনি এই গেম কিয় খেলিবলৈ মন কৰিছে? মনত ৰাখিব এই গেম খেলিবলৈ আপুনি ক্লিক কৰিছে যেতিয়া নিস্তাৰ নাই।

আপুনি প্ৰথমে এইটো ফেচবুক নতুবা হোৱাটছএপত শ্বেয়াৰ কৰক। তাৰ পিছত তলৰ কথাখিনি পঢ়ক। কিয়নো তলৰ কথাখিনিৰ শেষতহে আৰম্ভ হৈছে আচল গেম। 

কথাখিনি পঢ়াৰ পিছত আপোনাক আমাৰ এডমিনৰ তৰফৰ পৰা যি নিৰ্দেশ দিয়া হ'ব সেয়া কৰিবই লাগিব। অন্যাথাই আপোনাৰ মোবাইল ব্ৰাউজাৰ আৰু ইণ্টাৰনেল মেমৰীৰ পৰা লাভ কৰা সকলো তথ্যই আপোনাক বিপদত পেলোৱাতো নিশ্চিত।

1st Stage:

♦ তলত দিয়া কবিতাটো হৃদয়ৰ পৰা উপলব্ধি কৰি পঢ়কঃ

Stopping by Woods on a Snowy Evening

BY ROBERT FROST
Whose woods these are I think I know.   
His house is in the village though;   
He will not see me stopping here   
To watch his woods fill up with snow.   

My little horse must think it queer   
To stop without a farmhouse near   
Between the woods and frozen lake   
The darkest evening of the year.   

He gives his harness bells a shake   
To ask if there is some mistake.   
The only other sound’s the sweep   
Of easy wind and downy flake.   

The woods are lovely, dark and deep,   
But I have promises to keep,   
And miles to go before I sleep,   
And miles to go before I sleep.  

2nd Stage: 

♦ তলত দিয়া quotes মনোযোগেৰে পঢ়কঃ  

“I think being in love with life is a key to eternal youth.” —Doug Hutchison

“If life were predictable it would cease to be life, and be without flavor.” —Eleanor Roosevelt

“Life is like riding a bicycle. To keep your balance, you must keep moving.” —Albert Einstein

“The more you praise and celebrate your life, the more there is in life to celebrate.” —Oprah Winfrey

“The most important thing is to enjoy your life—to be happy—it’s all that matters. —Audrey Hepburn

3rd Stage: 

♦ তলত দিয়া ফটোখন মোবাইলত ছেভ কৰি ৰাখক।

  

4th Stage: 

♦ ভালকৈ হাঁহি এটা মাৰি ছেলফি তোলক আৰু তলৰ stage কেইটা পাৰ হৈ ফেচবুকত আপলোড কৰক।

5th Stage: 

♦ এতিয়া বাহিৰলৈ ওলাই আহি আকাশলৈ চাই কিছুসময়ৰ বাবে সকলো দুখ-ভাগৰ পাহৰি 'থ্ৰী ইডিয়টছ' চিনেমাখনত কোৱাৰ দৰে হয় মনে মনে নহয় অলপ জোৰকৈ 'All is Well' বুলি অতি কমেও ৫ বাৰ উচ্চাৰণ কৰক।

6th Stage: 

♦ তলৰ কথাখিনি ভালকৈ পঢ়কঃ

১। জীৱনটো এখন স্কুল সদৃশ৷ য'ৰ পৰা আমি প্ৰতিদিনে নতুন নতুন কিবা শিকিবলৈ পাও৷

২। জীৱনত শেষ বুলি একো নাথাকে৷ ই এখন অভিজ্ঞতাৰ সাগৰ৷ কেতিয়াবা যদি তাৰ তৰংগই আমাক চুই যায়, কেতিয়াবা বালিচৰে আমাক মুকুতা বিলায়৷

৩। জীৱনটো উৎকন্ঠাৰে সমৃদ্ধ৷ আমি যদি জীয়াই নাথাকো, পিছদিনা কি ঘটিব সেয়া নাজানো৷

৪। জীৱল কেৱল নিজৰ নহয়৷ ই আমাৰ চৌপাশে থকা সকলৰ বাবেও৷ সেয়ে আমি প্ৰতিদিন আনৰ বাবে জীয়াই থকা উচিত৷

৫। আমি আমাৰ জীৱনটোৰ ডিজাইনাৰ৷ আমি যিদৰে বিচাৰো, সেইদৰেই জীৱনটো সজাব পাৰো৷ ইয়াক সজাই-পৰাই গঢ় দিয়াটোৱেই হৈছে আনন্দৰে পৰিপূৰ্ণ৷

৬। জীৱন হৈছে এক উপহাৰ। কিছুমানে জন্মিয়েই বিদায় লয় আৰু জীৱনক উপভোগ কৰাৰ সৌভাগ্য অৰ্জন নকৰে। বিপৰীতে যিসকলে জীৱনত এতিয়াও জীয়াই আছে সেইসকলে ইয়াক সম্পূৰ্ণৰূপে উপভোগ কৰা উচিত।

৭। প্ৰতিটো দিনেই হৈছে এক নতুন অভিজ্ঞতা। যদিহে আমি জীয়াই নাথাকো, তেন্তে আমি কি হেৰুৱাম সেয়া গমেই নাপাম।

৮। জীয়াই থকাটো হৈছে নিজেই নিজক দাপোণত প্ৰত্যক্ষ কৰা আৰু নিজৰ দুচকুত ভালপোৱাৰ আকুলতা বিচাৰি পোৱা।

৯। বহুতে কোৱাৰ দৰে যদিহে মৃত্যুৱে জীৱনক অৰ্থ দিয়ে তেন্তে নিজেই অনুধাৱন কৰক জীৱন কিমান মূল্যৱান।

১০। মৃত্যুৱে আমাক সকলোকে এদিন নহয় এদিন আকোৱালি ল’বই। গতিকে আমি সেই মৃত্যুক নিজেই মাতি অনাৰ প্ৰয়োজনেই বা কি?

১১। পৰীক্ষাত নম্বৰ কম পোৱা বাবে সকলোৱে গালি-গালাজ কৰিছে নেকি? এইটো কোনো কথাৰ কথা নহয়। পৰীক্ষাত অধিক নম্বৰ পোৱা লোকসকলতকৈ কম নম্বৰ পোৱা লোকসকলেহে মানৱ সমাজলৈ অধিক বৰঙণি আগবঢ়াইছে। টমাছ আলভা এডিছন, আইনষ্টাইনৰ পৰা একেবাৰে শচীন তেণ্ডুলকাৰলৈকে।

১২। আপুনি যদি এজন পুৰুষ তেন্তে কল্পনা কৰকচোন আপোনাৰ প্ৰিয় নাৰীগৰাকীৰ কথা। প্ৰিয় নাৰীৰ দুচকু, দুওঁঠ আৰু এমোকোৰা হাঁহিটোলৈ মনত পেলাওক। মনত পেলাওক প্ৰিয় নাৰীৰ দুভৰিৰ খোজবোৰলৈ। 

১৩। আপুনি যদি এগৰাকী নাৰী তেন্তে কল্পনা কৰক আপোনাৰ প্ৰিয় পুৰুষজনৰ কথা। আপোনাৰ দুচকুলৈ আকুলতাৰে চাইছে প্ৰিয় পুৰুষে। আপোনাক থপিয়াই আনি দিছে আকাশৰ তৰা। হাতত ধৰা-ধৰিকৈ আপোনাক লৈ গৈছে আপোনাৰ প্ৰিয় ঠাইখনলৈ। মনত পেলাওক আপোনাৰ প্ৰিয় পুৰুষজনৰ সেই শক্তিশালী চাৱনিলৈ।

১৪। আৰু যদি আপোনাক আপোনাৰ প্ৰিয়জনে এৰি গৈছে, বিচ্ছেদ হৈছে তেন্তে এনে এজন বা এগৰাকী নতুন প্ৰিয়তম/প্ৰিয়তমাৰ কথা কল্পনা কৰক যিয়ে আপোনাক কেৱল মৰম আৰু মৰমেৰে উপচাই তুলিবলৈ সাজু হৈ আছে।

১৫। আপোনাৰ সপোনবোৰ অপূৰ্ণ হৈ ৰৈছে নেকি? চিন্তাৰ কোনো কাৰণ নাই। আজি আপোনাৰ হাতত যি নাই কাইলৈ সেইবোৰৰ গৰাকী হ'বলৈকে জীয়াই থাককচোন।

7th Stage:  

♦ কথাবোৰ পঢ়ি আমনি লাগিছে যদি এগিলাছ পানী খাই লওক।

8th Stage:  

♦ হাতত কাগজ আৰু কলম লওক। লৈছেনে নাই? আনিলেনে কলম? আৰু কাগজ?

9th Stage:  

♦ স্কুলত ছবি অঁকা দিনবোৰলৈ মনত পেলাওক। এটা নীলা তিমি অংকন কৰক প্ৰথমতে। 

10th Stage:

♦ অংকন কৰা হ'লনে? হ'ল যদি আৰু এটা নীলা তিমি আগতে অংকন কৰাতোৰ কাষত আঁকক। 

11th Stage:

♦ এতিয়া আপোনাৰ First নেমটো সোফালৰ তিমিটোৰ বুকুত লিখি দিয়ক।

12th Stage:

♦ ওপৰত ডাঙৰকৈ Love বুলি লিখক। তাৰ পিছত দুয়োটা তিমিৰ মাজৰ খালী ঠাইত প্লাছ চিন দিয়ক।

13th Stage:

♦ বাওফালৰ নীলা তিমিটোৰ বুকুত লিখক আপোনাৰ প্ৰেমিক/প্ৰেমিকাৰ নাম। যদিহে আপোনাৰ প্ৰেমিক/প্ৰেমিকা নাই তেন্তে আপোনাৰ কল্পনাৰ প্ৰেমিক/প্ৰেমিকাৰ নাম তাত লিখক।

14th Stage:

♦ এনেই টাইম কম। আৰুনো কিমান ষ্টেজ খেলিব। বাদ দিয়ক Blue Whale গেম। এই গেম খেলাৰ কোনো মজাই নাই। এই গেম খেলিলে খুব বেছি আপুনি এটা নিউজ হ'ব। আপোনাক ফেচবুকত সকলোৱে পুতৌ কৰিব। আপোনাৰ নিউজটোৰ বাবে টিভি চেনেলবোৰে TRP পাব। টিভি চেনেলক TRP দিয়াতকৈ এনে এটা কাম নকৰে কিয়, যিটো কাম কৰিলে আপোনাৰ নিজৰ TRP বাঢ়ে। ধৈৰ্য্যৰে কথাখিনি পঢ়া বাবে ধন্যবাদ। আজিয়েই যি ভুলতে এনে লিংকত ক্লিক কৰিলে, আৰু দুনাই যেন এনে নকৰে। কোনে জানে এইবাৰ ক্লিক কৰা লিংকটো যদি সঁচাকৈয়ে Blue Whaleগেমৰ লিংক হয় তেন্তে কি হ'ব এবাৰ ওপৰত দিয়া কথাখিনি পঢ়ি আকৌ এবাৰ ভাবি চাওক। 

15th & Last Stage:

♦ এতিয়ালৈকে লিংকটো শ্বেয়াৰ কৰা নাই যদি এতিয়াই তলত থকা ফেচবুকৰ Logoত ক্লিক কৰি শ্বেয়াৰ কৰক। এতিয়া অইন দিনবোৰৰ দৰেকৈ খেল খেলিবলৈ সাজু হওক। জীৱনৰ খেল। আচলতে কি জানে জীৱনটোতকৈ ডাঙৰ এই পৃথিৱীতনো কি খেল আছে?

(বিঃদ্ৰঃ এয়া এক প্ৰকাৰৰ সজাগতামূলক খেল। জীৱনৰ প্ৰতি আৰু ভালপোৱা জগাই তুলিবলৈ এই লেখাটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এয়া হৈছে newsnextone.comৰ একপ্ৰকাৰৰ সমীক্ষা। এই সমীক্ষাৰ ফলাফল শীঘ্ৰে প্ৰকাশ কৰা হ'ব।)