উজ্জ্বল চৌধুৰী, লিডুঃ ডিগবৈৰ ৰাইডাং গাঁৱৰ এজন অতি সাধাৰণ কৃষক পৰিয়ালৰ জীয়ৰী প্ৰতিমা দহোটিয়াই দেশ-বিদেশত দৌৰ প্ৰতিযোগিতাত ভাগ লৈ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷ আগন্তুক এছিয়ান গেমছত অংশ গ্ৰহণৰ বাবে প্ৰতিমাই বৰ্তমান চলাইছে পূৰ্ণ প্ৰস্তুতি৷
কিন্তু ধন আৰু এজন উন্নতমানৰ প্ৰশিক্ষকৰ অভাৱত সমস্যাত পৰিছে দুখিয়া পৰিয়াল জীয়ৰী প্ৰতিমা৷ গতিকে স্থানীয় লোক, পিতৃ-মাতৃ, স্থানীয় প্ৰশিক্ষক প্ৰমোদ ভুঞাই সদাশয় ব্যক্তিৰ লগতে চৰকাৰৰপৰা সহায়-সহযোগ কামনা কৰিছে৷