26
ছ’চিয়েল মিডিয়াত এটা খবৰে এইকেইদিন খুব চৰ্চা লাভ কৰিছে। খবৰটো শ্বেয়াৰো হৈছে বহুত। হয়তো আপুনিও ফেচবুক, হোৱাটছএপত সেয়া পাব পাৰে। এয়া পিছে খবৰ বুলি নকৈ দাবী বা আহ্বান বুলিও ক’ব পাৰি। কথাখিনি আছিল এনে ধৰণৰঃ যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰে তেন্তে আপুনি ভোট দিব নোৱাৰে। লিংক কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ,২০১৯। ফেচবুক আৰু হোৱাটছএপত বেছিকৈ শ্বেয়াৰ হোৱা হিন্দী ভাষাৰ কথাখিনি আমি হুবহু তুলি দিলো।