Home ৰাজ্যনগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ধিঙত আইন সাক্ষৰতা সভা সম্পন্ন

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ধিঙত আইন সাক্ষৰতা সভা সম্পন্ন

by News Desk
87 views
A+A-
Reset

newsnextone.com।নগাঁওঃ নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ধিং খৰ্গেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখন আইন সাক্ষৰতা সভা অনুষ্ঠিত হয়। নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে সঞ্চালনা কৰি ভাষণ প্ৰসংগত তেওঁ কয়– সাম্প্ৰতিক পৰিস্থিতিত আইনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সকলোৱে আইন কিছু পৰিমানে জনা প্ৰয়োজন। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আইন সাহায্য লাভ কৰাৰ বাবেই এনেধৰণৰ সভা অনুষ্ঠিত কৰা হৈছে। আনহাতে এই সভাতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি সমল ব্যক্তি তথা অধিবক্তা শ্বাহনাজ চুলতানাই যানবাহন আইন আৰু অধিবক্তা ৰূপালী গোস্বামীয়ে শিশু-শ্ৰমিক নিৱাৰণ আইনৰ ওপৰত মত প্ৰকাশ কৰে। সভাত বিদ্যালয়খনৰ অধ্যক্ষ, কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। আনহাতে, এই সভাৰ পিছতেই নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকাৰ লগতে সমল ব্যক্তিসকলে স্বৰ্ণকন্যা হিমা দাসৰ ধিং ৰ কান্ধুলিমাৰীৰ বাসগৃহত উপস্থিত হৈ ‘অৰ্জুন বঁ‌টা’ লাভ কৰাৰ বাবে মাতৃসহ পৰিয়ালবৰ্গক অভিনন্দন জ্ঞাপন কৰে |

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0