newsnextone.com | ডিজিটেল ডেস্কঃ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য, বেংকৰ ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি এবছৰ পূৰ্বে মধ্যপ্ৰদেশত আৰক্ষীৰ গুলিত নিহত হৈছিল ৬জনকৈ কৃষক৷ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ সময়ত প্ৰতিবাদস্থলিৰ পৰা ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত কৃষকৰ মৃত্যু হোৱা ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছিল৷
যোৱা এটা বছৰে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত প্ৰশ্ন উত্থাপন হৈছে৷ তাৰ মাজতে ৰাজ্য খনৰ কৃষি ৰাজ্য মন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য আগবঢ়ায়৷ কৃষি ৰাজ্যমন্ত্ৰী বালকৃষ্ণ পাটিদাৰে তদন্তৰ প্ৰতিবেদন আহিলে মৃত্যু হোৱা কৃষক পুনৰ জীৱিত নহয় বুলি কয়৷