লংকাঃ কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱা লামডিঙৰ এজন ব্যক্তি ৰেলৰ পৰাই সন্ধানহীন হোৱা ঘটনাই ৰেল নগৰীখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।সন্ধানহীন হোৱা ব্যক্তিজনৰ নাম কৃষ্ণা চৌহান। ব্যক্তিজনৰ ঘৰ লামডিং আৰক্ষী থানাৰ অন্তৰ্গত পটু পথাৰ গাঁৱত।
জানিব পৰা মতে লামডিঙেৰে বৰলংফাৰৰ মনতোষ পাছোৱান নামৰ এজন ব্যক্তিয়ে ৯ জুলাইত লামডিঙৰ ৬ গৰাকী ব্যক্তিক কেৰেলাৰ ত্ৰিবান্দপুৰমৰ কোনো ব্যৱসায়ীক প্ৰতিষ্ঠানত কাম দিব বুলি লৈ গৈছিল। কৃষ্ণা চৌহানৰ উপৰিও তেওঁ লগত নিয়া আন কেইজন ব্যক্তি হৈছে সঞ্জয় পাছোৱান, অৰ্জুন ৰাজভৰ, টুনু ৰাজভৰ, বলিৰাম আৰু ৰোহিত। এই আটাই কেইজন ব্যক্তিৰে ঘৰ লামডিঙৰ বৰলংফাৰত।