ইম্ফলঃ পুনৰ অশান্ত হৈ পৰিব পাৰে মণিপুৰ৷ মণিপুৰত সাতখনকৈ নতুন জিলা ঘোষণা কৰাক লৈ সংযুক্ত নাগা পৰিষদে আৰম্ভ কৰা অর্থনৈতিক অৱৰোধৰ ফলত বিগত চাৰিমাহ ধৰি অশান্ত হৈ পৰা ৰাজ্যখন পুনৰাই অস্থিৰ হৈ উঠাৰ আশংকাই দেখা দিছে৷
ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ অভিযানত ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ শেহতীয়াভাৱে কূটাঘাটৰ বাবে তৎপৰ হৈ উঠিছে বিদ্ৰোহী সংগঠনবোৰ৷ শনিবাৰে সমগ্ৰ মণিপুৰ স্তব্ধ কৰি তোলাৰ বাবে সাজু হৈছে ছটাকৈ উগ্ৰপন্ধী সংগঠন।