সৰভোগঃ সোমবাৰে নিশা সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বিবাহ যাত্ৰী কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাতত পতিত হয়। প্ৰাপ্ত তথ্য মতে, বঙাইগাঁও জিলাৰ মাণিকপুৰ অঞ্চলৰ চকিহালীৰ পৰা বৰপেটাৰোডৰ সমীপৰ কলবাৰীত বিবাহৰ যাত্ৰী কঢ়িয়াই আনিছিল এখন টাটা মেজিকে।
সন্ধিয়া বিবাহস্থলীৰ পৰা ঘৰমুৱা হোৱাৰ বাটত টাটা মেজিকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে। এই দুৰ্ঘটনাটোত চালক দিব্যজ্যোতি তালুকদাৰ আৰু বিবাহ যাত্ৰী ভদ্ৰেশ্বৰ দাস (৫৫) থিতাতে নিহত হোৱাৰ লগতে আহত হয় দহজনকৈ যাত্ৰী।