ডিজিটেল ডেস্কঃ টেৰিফ প্লেনেৰে চমক দিয়া ৰিলায়েন্স জিঅই এইবাৰ আগবঢ়াইছে ১০০ শতাংশ কেশ্ববেক। মুকেশ আম্বানীৰ ন টেলিকম উদ্যোগটোৱে ভাৰতৰ টেলিকম জগতখনত জোঁৱাৰৰ সৃষ্টি কৰি অইন কোম্পানীৰ থৰকাছুটি হেৰুওৱালগা পৰিস্থিতিৰ উদ্ভৱ কৰাই অহাৰ সময়তে এইবাৰ এশ শতাংশ কেশ্ববেক অফাৰ দি গ্ৰাহকক আকৰ্ষিত কৰিছে। 

জিঅফাই ৰাউটাৰত জিঅই আগবঢ়াইছে ১০০% কেশ্ববেক। গ্ৰাহকে ব্যৱহাৰ কৰি থকা যিকোনো ৰাউটাৰ এক্সচেঞ্জ কৰাই লৈ যাব পাৰে ২০১০ টকা মূল্যৰ এটা জিঅ ৪জি ডাটা কাৰ্ড। যিকোনো জিঅ ডিজিটেল ষ্টৰতে এই সুবিধা উপলব্ধ। 

তদুপৰি গ্ৰাহকজনে পাব ১০০৫ টকাৰ বাধ্যতামূলক এক্সচেঞ্জ অফাৰ। মাত্ৰ ব্যৱহাৰকাৰীয়ে ১৯৯৯ টকা ৰাউটাৰটোৰ কাৰণে আদায় দিব লাগিব আৰু বাধ্যতামূলক প্ৰথমটো ৰিচাৰ্জ ৪০৮ (৯৯+৩০৯) কৰাব লাগিব। ইয়াৰ যোগেদি গ্ৰাহকে ৮৪ দিনলৈ বিনামূলীয়া সুবিধা লাভ কৰিব।