ডিব্ৰুগড়ঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাবে পৰিচিত সংবাদ কৰ্মীক এ আই ইউ ডি এফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে অভব্য আচৰণ কৰাত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে এক বিবৃতিত উল্লেখ কৰিছে যে বদৰুদ্দিন আজমল গণতন্ত্ৰৰ পৰিপন্থী নেতা হিচাপে সমগ্ৰ ৰাজ্যতে পৰিচয় দাঙি ধৰিছে। এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ এনে অভব্য আচৰণ সহ্য কৰা নহব বুলি মটক সংগঠনটোৰ নেতা অজয় গগৈয়ে বিবৃতিটোত উল্লেখ কৰিছে। বদৰুদ্দিন আজমলৰ এনে ঘৃণনীয় কাৰ্যক মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ-সভাপতি অজয় গগৈয়ে তীব্ৰ ধিক্কাৰ দিছে।