গুৱাহাটীঃ এক লাখ চৈধ্য হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ জীৱন-জীৱিকা সংকটৰ মুখলৈ ঠেলি মধ্যাহ্ন ভোজন আঁচনি অক্ষয় পাত্ৰ ফাউণ্ডেচনলৈ হস্তান্তৰৰ প্ৰতিবাদ জনাই সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কৰ্মচাৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ সাব্যস্ত কৰে৷
উল্লেখ্য যে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ৯৭ শতাংশই মহিলা আৰু ইয়াৰ সৰহ সংখ্যকেই বিধৱা আৰু আবিয়ৈ মহিলা। আনহাতে, মধ্যাহ্ন ভোজন আঁচনিৰ আওতাত থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গৰিষ্ঠ সংখ্যক দুখীয়া পৰিয়ালৰ।