আইজলঃ মিজোৰামৰ ৰাজধানী আইজলত আজি হাজাৰ হাজাৰ লোকে নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ গৃহ বিভাগৰ সচিব লালনুনমাৱিয়া চুউংগোক নিৰ্বাচন বিষয়াগৰাকীয়ে বদলি কৰাত নাগৰিক সমাজ আৰু নিৰ্বাচনী কাৰ্যালয়ৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।
ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ২৮ নৱেম্বৰত অনুষ্ঠিত হ’ব। আইজলৰ সকলো স্কুল, কাৰ্যালয় আৰু দোকান-পোহাৰ আদি বন্ধ হোৱা পৰিলক্ষিত হৈছে। আইজলৰ লগতে মমিত চহৰখনো আজি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।