নগাঁওঃ কৰ’নাক লৈ সমগ্ৰ দেশতে লকডাউন অব্যাহত থকাৰ মাজতে এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত অব্যাহত আছে ভিন্ন উৰাবাতৰি। কেবাখনো ৰাজ্যত আৰক্ষীয়ে উৰাবাতৰি বিয়পোৱাৰ অভিযোগত বহুসংখ্যক লোকক গ্ৰেপ্তাৰ কৰিছে। অসমতো আৰক্ষীৰ জালত পৰিছে উৰাবাতৰি বিয়পোৱা কেবাজনো লোক। অসমত উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে এজন জনপ্ৰতিনিধিও।
সময়ে সময়ে একাধিক বিতৰ্কিত মন্তব্যৰে ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত খলকনি তুলি থকা এইগৰাকী জনপ্ৰতিনিধি হৈছে ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম। যোৱা নিশা প্ৰায় ১ বজাত বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে নগাঁও আৰক্ষীয়ে। বিধায়কজনৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ 877/2020/US/120B/153(A)/124(A)/295(A) ধাৰাত এটি গোচৰো ৰুজু কৰা হৈছে।