76
যমুনামুখঃ ৰাজ্যত পুনৰ মৰেল পুলিচৰ কবলত পৰিছে মোবাইল চোৰ৷ মোবাইল চুৰিৰ অভিযোগত এজন যুৱকক উত্তেজিত ৰাইজে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে৷ ৰাইজৰ প্ৰহাৰত অচেতন হৈ পৰে গভাইত চোৰটো৷ যমুনামুখৰ নিকটৱৰ্তী কপিলিকান গাঁৱত সংঘটিত হয় এই ঘটনা।
ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত চোৰটোক চমজি লৈ যায়৷ সমগ্ৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে। এনেদৰে আইন হাতত তুলি লোৱাটো কিমান যুক্তিযুক্ত, তাকে লৈ চিন্তিত হৈছে সচেতন মহল।