পূব বৰপেটাঃ ক্ষমতাৰ খকত অন্ধ হৈ পৰা ৰাজ্যত একাংশ ৰাজনৈতিক নেতাৰ সামন্তৰালকৈ বিগত চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা বৰ্তমানৰ চেঙা সমষ্টিৰ কংগ্ৰেজী বিধায়ক শুকুৰ আলিৰ নিকৃষ্ট ও ঠেক মানসিকভাবাপন্ন ৰাজনীতিত অতিষ্ঠ হৈ পৰিছে চেঙা সমষ্টিৰ লগতে পূব বৰপেটাৰ ৰাইজ।
একেৰাহে চাৰিবাৰকৈ বিধায়ক পদত অধিষ্ঠিত হৈয়ো সমষ্টিৰ ৰাস্তা-বাট, দলং, কালভাৰ, খোৱা পানী, বানপানী, গৰাখহনীয়া, কৃষিগত সমস্যা সমাধানৰ সূত্ৰ উলিয়াত বিশেষভাৱে ব্যৰ্থ তথা সমষ্টিৰ সর্বাংগীন দিশত কোনো পৰিৱৰ্তন আনিব নোৱাৰা এই গৰাকী ব্যাক্তিৰ কিছু কৰ্ম কাণ্ডক লৈ চেঙা সমষ্টিতে নহয় বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো ব্যাপক সমলোচনা সৃষ্টি হৈছে।