Home ভাইৰেলকাৰ্বি আংলঙত পিষ্টল আৰু গুলীসহ নগা যুৱক ধৃত

কাৰ্বি আংলঙত পিষ্টল আৰু গুলীসহ নগা যুৱক ধৃত

by webmaster
0 comments
naga 2

newsnextoneডিফু,১০ অক্টোবৰঃ মঙলবাৰে পুৱতি নিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ডিলাইৰ ৬ মাইলত অস্ত্ৰ-শস্ত্ৰ সহ আটক হয় এটা নগা অস্ত্ৰ সৰবৰাহকাৰী যুৱক৷ 
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এক নিৰ্দিষ্ট সূত্ৰৰ পমখেদি মঙলবাৰে পুৱতি নিশা সেনাৰ লগত লাহৰিজান আৰক্ষী পহৰা চকীৰ আৰক্ষী আৰু বেটেলিয়ানৰ দলে এক যুটীয়া ভ্ৰাম্যমান তালাচী চলাই ডিলাইৰ ৬ মাইলৰ পৰা এটা নগা অস্ত্ৰ সৰবৰাহকাৰীক ৫টা পইণ্ট ২২ পিষ্টল আৰু ১৪ জাই সজীৱ গুলী সহ আটক কৰিবলৈ সক্ষম হৈছে ৷ 
অস্ত্ৰ সৰবৰাহকাৰী যুৱকজন নগালেণ্ডৰ কিফৰি জিলাৰ অন্তৰ্গত পুঙৰ থানা এলেকাধীন জাৱং গাঁৱৰ লিতামং উইমৰ পুত্ৰ অট’ উইম বুলি চিনাক্ত কৰা হৈছে ৷ শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকমূহুৰ্তত এনেদৰে অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক আটক হোৱা ঘটনাই বিশেষ  তাৎপৰ্য্য বহন কৰিছে ৷

ডিফুৰ পৰা ছাইদুল ইছলাম

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0