নগাঁওঃ নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ঘূৰঘূৰি দলঙৰ ওচৰত আজি দিনৰ প্ৰায় ১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। নিহত লোকজন অপূৰ্ব শইকীয়া (৪৯) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ননৈ মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক শইকীয়াই স্কুল ছুটীৰ পাছত নিজৰ এ এছ ০২ কে ৩০০৯ পালছাৰ মটৰচাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘূৰঘূৰি দলঙৰ ওচৰত একে দিশৰপৰা গৈ থকা এএছ ০২ এ চি ৪৮৩২ নম্বৰৰ ট্ৰেম্পুখনে পিছফালৰপৰা খুন্দা মৰাত শইকীয়া গুৰুতৰভাৱে আহত হয়। আহত শইকীয়াক ততাতয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোবা হয় যদিও চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে। 

গুৱাহাটীলৈ নিয়াৰ পথতেই জাগীৰোডৰ ওচৰত শইকীয়াৰ মৃত্যু হয়। কঠিয়াতলী জুমুৰমুৰ নিবাসী শইকীয়াৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্র, কন্যাসহ বহু আত্মীয়-স্বজন এৰি থৈ গৈছে। আনহাতে দুৰ্ঘটনাটোত টেম্পু চালকজনৰ লগতে আন দুজন যাত্রীও আহত হয়। সম্প্ৰতি চালক মিছ বাহাৰুল চিকিৎসাধীন হৈ আছে। স্থানীয় সূত্রই জনোৱা মতে, টেম্পু চালক বাহাৰুল সুৰাসক্ত অৱস্থাত থকাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়।