জয়ন্ত মুদৈ, নগাঁওঃ প্ৰতীক্ষাৰ অন্ত পেলাই অসমীয়াৰ পদূলি পালেহি অতি হেপাঁহৰ বাপতিসাহোন ব’হাগ বা ৰঙালী বিহু৷ সেয়ে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চলিছে বিহুটিক আদৰাৰ প্ৰস্তুতি৷

এইবাৰ ৰঙালী বিহুতে অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনকেন্দ্ৰিক চৰম ব্যস্ততাই বিহুৰ উৎসাহ-উদ্দীপনা কিছু পৰিমাণে ম্লান কৰিলেও অসমীয়াই বিহুটিক আদৰাৰ হেতু নিজকে সাজু কৰিছে৷

আনকি মানৱ জাতিৰ দৰেই প্ৰকৃতিয়েও নিজকে সাজু কৰিছে ব’হাগক স্বাগতম জনোৱাৰ নিমিত্তে৷ কিন্তু লক্ষণীয় বিষয় এইয়ে যে আজিৰপৰা কেইবছৰমান আগলৈকে ব’হাগৰ আগমনৰ এমাহমানৰ পূৰ্বৰেপৰা গাঁও কিম্বা চহৰ য’তেই নহওক কিয়, সকলোতে ঢোল-পেঁপা-গগণাৰ মাতে ৰজনজনাই প্ৰতিজন লোকৰে দেহ-মন থৌকি-বাথৌ কৰি ৰাখিছিল৷ 

কিন্তু বৰ্তমান চহৰৰ কথা বাদেই গ্ৰামাঞ্চলতো ক্ৰমান্বয়ে ঢোল-পেঁপা-গগণাৰ মাত প্ৰায় শুনিবলৈ নোপোৱাৰ দৰে হৈ পৰিছে৷ উল্লেখ্য, আধুনিকতাৰ কৰাল গ্ৰাসে আজিৰ নৱপ্ৰজন্মক এনেদৰে কোঙা কৰি পেলাইছে যে বিহুৰ লগত ওতপ্ৰোতভাৱে সম্পৰ্ক থকা ঢোল-পেঁপা-গগণাৰ প্ৰতি ৰাপ অধিকাংশ নৱপ্ৰজন্মৰ মাজত নাইকীয়া হৈ আহিছে৷

আনকি এনে এক পৰিস্থিতি আমাৰ মাজত আহি পৰিছে যে এই বাদ্যযন্ত্ৰবোৰ বৰ্তমানৰ যুৱক-যুৱতীসকলে বজাব জনাটো দূৰৰ কথাই, বহুতে আকৌ ইয়াক চিনিয়েই নাপায়৷

আচলতে আধুনিকতাৰ আগ্ৰাসনে নৱপ্ৰজন্মক এনেদৰে চেপি ধৰিছে যে বিহুৰ আনুসাংগিক উপাদান এই বাদ্যবোৰ প্ৰায় যুৱ-প্ৰজন্মৰ মাজত এলাগি হৈ পৰিছে৷ ইয়াৰ বিপৰীতে এতিয়া নৱপ্ৰজন্ম কেৱল অধিক পৰিমাণে ব্যস্ত ম’বাইল ফোন, ইন্টাৰনেট, ফেচবুক, ৱাটছআপ আদিৰ সৈতে৷

যাৰ ফলত পাহৰি গৈছে নিজৰ অস্তিত্ব তথা জাতীয় সংস্কৃতিৰ কথা৷ আনহাতে, গ্ৰামাঞ্চলৰ যুৱতীসকলেও যুৱকৰ দৰেই উগ্ৰ আধুনিকতাৰ লেবেল গাত মেৰিয়াই জীৱন উপভোগ কৰাত নামি পৰাৰ হেতু পাহৰি গৈছে অতিকে চিনাকী তাঁতশালখনৰ কথা৷ তাঁতশালৰ লগতে মাকো, যঁতৰ, মোহোৰা, চেৰেকী, নেওথনি, উঘা আদি গাঁৱৰ মিঠা গোন্ধ মিহলি হৈ থকা সামগ্ৰীবোৰ অচিনাকি হৈ পৰিছে ক্ৰমাৎ অধিকাংশ যুৱতীৰ মাজত৷ 

সেয়ে পূৰ্বৰ দৰে গ্ৰামাঞ্চলত ঢোলৰ গুমগুমনি বা তাঁতশালৰ খটক খটক মাকোৰ শব্দ শুনিবলৈ পোৱাটো আজিৰ তাৰিখত কঠিন হৈ পৰিছে৷ এক কথাত আধুনিকতাৰ প্ৰভাৱত বহুখিনি সলনি হৈছে হেপাঁহৰ ৰঙালী বিহুৰ ৰেহ-ৰূপ তথা ৰূপ-লাৱণ্য৷