নগাঁওঃ নগাঁও জিলাৰ কামপুৰত কালি এগৰাকী ব্যৱসায়ীক কোনো দুষ্ট চক্ৰই অজ্ঞাত সংগঠনৰ নামত ম’বাইল ফোনৰ জৰিয়তে ২০ লাখ টকা দাবী কৰাৰ ঘটনাৰ চাঞ্চল্য নৌ মাৰ যাঁওতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে জিলাখনৰ বেবেজীয়াত৷
এইবাৰ দুষ্ট চক্ৰৰ লক্ষ্য এখন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ৷ প্ৰাপ্ত খবৰ মতে, বেবেজীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাভাৰতী নামৰ কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ মাধুৰ্য্য মণ্ডিত বৰুৱাক অজ্ঞাত সংগঠনৰ নামত কোনো অচিনাক্ত দুৰ্বৃত্তই ধন দাবী কৰিছে৷