56
নগাঁওঃ শনিবাৰে অৰুণাচলৰ টিপিত বনভোজ খাবলৈ গৈ কামেং নদীত সন্ধানহীন হোৱা নগাঁও জিলাৰ ধিঙৰ বিশাল সূত্ৰধৰ নামৰ যুৱকজনৰ ২৪ ঘণ্টা অতিক্ৰম হৈ যোৱাৰ পাছতো কোনো সন্ধান উলিয়াব পৰা নাই টিপিৰ আৰক্ষীৰ লগতে অৰুণাচলৰ এছ ডি আৰ এফে৷
উল্লেখ যে, ধিঙৰপৰা অৰুণাচলৰ টিপিত নতুন বছৰ উপলক্ষে এটি ২০-২৫ জনীয়া কিশোৰ-কিশোৰীৰ দল এটাই বনভোজ খাবলৈ বুলি গৈছিল৷ তাতে টিপিৰ কামেং নদীত গা ধুবলৈ নামোতেই নদীৰ কোবাল সোঁতে উটুৱাই লৈ গৈছিল বিশাল সূত্ৰধৰ নামৰ ধিঙৰ যুৱকজনক৷