66
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰচিলাত আজি এটি নৱজাতক উদ্ধাৰ হোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জলসিঞ্চন বিভাগৰ পানীৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় এই নৱজাত শিশুটো।
স্থানীয় লোকে পানীৰ নলাত খেৰৰ মাজত কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱজাতক শিশুটো। কোনো অসৎ লোকে অৱৈধ মাতৃত্বৰ পাপৰ বোজা ঢাকিবলৈ এনেদৰে নৱজাতকটিক এনেদৰে পেলাই থৈ যোৱা বুলি সন্দেহ কৰে স্থানীয় ৰাইজে।