জয়ন্ত মুদৈ, নগাঁওঃ অহা ২৮ জুলাইৰপৰা ৩১ জুলাইলৈ ভাৰতৰ অন্যতম পৰ্যটন নগৰী গোৱাৰ মদগাঁৱত অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ বহুভাষিক নাট প্ৰতিযোগীতালৈ আমন্ত্রন লাভ কৰিছে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ বিলতীয়াগাঁৱৰ মেল'ডি নাট্য গোষ্ঠীয়ে। 

নাট্য দলটিয়ে প্ৰতিযোগীতাত বহু চৰ্চিত নাট্যকাৰ, পৰিচালক ধ্ৰুৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে অসমীয়া তথা অসমৰ সমাজ জীৱনৰ লগত ওতঃপোতভাৱে জড়িত অধুনালুপ্ত ম'হ যুঁজৰ ওপৰত আধাৰিত নাটক "ৰংশিঙা-খংশিঙা" শীৰ্ষক নাটখনি প্ৰদৰ্শন কৰিব। অসমীয়া সমাজ-জীৱনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়বস্তুক সামৰি ৰচনা কৰা এই নাটখনে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত নাট্যপ্ৰেমীৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে নাট সমালোচক সকলৰ মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ 

প্ৰায় ২২ গৰাকী অভিনেতা-অভিনেত্রী, শিল্পী-কলা-কুশলীকলৈ ইতিমধ্যে ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত নাট্যদলটি ৰাওনা হৈছে সুদুৰ গোৱালৈ। গতিকে নাট্য দলটিয়ে অসমৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে যাতে বৰ্হিৰাজ্যত দেশৰ বিভিন্ন প্ৰান্তৰপৰা আহি সমবেত হোৱা নাট সমালোচক, শিল্পী তথা দৰ্শকৰ সমাদৰ লাভেৰে ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনিব পাৰে৷