হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ চামতাত চলি থকা নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগীতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল শনিবাৰে ছিলঙৰ অসম ৰেজিমেণ্টেল চেণ্টাৰ আৰু বঙাইগাৱৰ ইলেভেন ষ্টাৰ ক্নাবৰ মাজত অনুষ্ঠিত হ'ব৷ 

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত তথা অইল ইণ্ডিয়া, নয়ডা আৰু গুৱাহাটী, নুমলীগড় ৰিফাইনাৰীৰ অৰ্থ সাহাৰ্য্যৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত নৰোৰাম বৰ্মন সোঁৱৰণী বিজয়ী ট্রফী, ৰণীধৰ বৰ্মন সোঁৱৰণী বিজিত ট্রফী আৰু প্ৰমোদ কুমাৰ পাটোৱাৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্রতিযোগিতাখনৰ প্ৰি-কোৱাৰ্টাৰত ইতিমধ্যে ইলেভেন ষ্টাৰ ক্লাবে চমকপ্ৰদ প্ৰদৰ্শনেৰে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাক পৰাজিত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে৷

ইলেভেন ষ্টাৰৰ ষ্ট্ৰাইকাৰ টোপেশ্বৰ ৰাভা আৰু ৰূপবীৰ বসুমতাৰী সুন্দৰ ফৰ্মত থকাৰ লগতে ৰক্ষন বিভাগো অধিক শক্তিশালী৷ আনহাতে, অসম ৰেজিমেণ্টেল চেণ্টাৰৰো আছে এক সুকীয়া ধাৰা৷ আজিৰ খেলত কাৰ দুভৰিৰ যাদুত বিধস্ত হ'য় কোন সেয়া লক্ষনীয় হ'ব৷ 

শনিবাৰে খেলিবলগীয়া চিলঙৰ অসম ৰেজিমেণ্টেল চেণ্টাৰ আৰু অহা ৭ জুলাইত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত অংশগ্ৰহন কৰিব লগীয়া চিকিমৰ জুৱলী জিলা এফ চি ইতিমধ্যে আহি পাইছে আৰু পূৰ্ণোদ্যমে অব্যহত ৰাখিছে নেট অনুশীলন৷ আবেলি হ'বলগীয়া খেলখনত দৰ্শকৰ সূবিধা হোৱাকৈ ৰাতিপুৱা ১০ বজাৰপৰা ষ্টেডিয়াম কাৰ্যালয়ত আগতীয়াকৈ টিকট দিয়াৰ লগতে খেলখন নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া মধুসূধন নাথে উদ্বোধন কৰিব বুলি সংঘৰ সম্পাদক আৰু যুটীয়া সম্পাদক ক্ৰমে যতীন শৰ্মা আৰু বিকাশ ভট্টাচাৰ্যই জানিব দিছে৷