newsnextone.com | নলবাৰীঃ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গে অসমৰ দৌৰৰ ৰাণী হিমা দাসক গো-মাংস ভক্ষণ কৰিবলৈ দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি সম্প্ৰতি ব্যাপক চৰ্চা চলিছে৷ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে নিজা নিজা মত ব্যক্ত কৰাৰ সময়তে সোমবাৰে হিন্দু সমাজক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি নলবাৰীৰ ৰাজপথত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কৰে হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসমে।
জুবিন গাৰ্গৰ মন্তব্যৰ বিৰুদ্ধে হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসম নামৰ দুই ভাতৃ সংগঠনে সোমবাৰে নলবাৰী চহৰৰ হৰিমন্দিৰ চ’কত জুবিন গাৰ্গ মুৰ্দাবাদ ধ্বনি দি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কৰে।