newsnextone.com | খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকী অন্তৰ্গত দুৰ্গম পাহাৰীয়া অঞ্চলৰ লং এহ পি গাঁৱত মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীক প্ৰথমে জংঘলত আবদ্ধ কৰা হৈছিল। তাৰ পিছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। স্থানীয় ৰাইজে অভিযান চলাই ধৰা পেলোৱাৰ এহপি ৰংপি গাঁৱৰে খনছিং ৰংফাৰ (২০) নামৰ যুৱকজনে এই কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে।
উজনিৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী অাৰু ললিমাই দেৱীক ৰেলৰ ভিতৰত ধৰ্ষণ-হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত জংঘলত এগৰাকী ৩০ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷