ডিজিটেল ডেস্কঃ google-এ আনিছে ভাল খবৰ। যদি আপুনি দিনে-নিশাই ইন্টাৰনেট ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবেই এই খবৰটো ভালেই। 

কিয়নো আপোনাৰ বাবে অভিনৱ সৃষ্টি কৰিচে Google-এ। নতুন এপৰ জৰিয়তে ইউজাৰৰ ডাটা বচাব গুগলে। এইবাৰ নতুন এপ লঞ্চ কৰিছে গুগলে কোম্পানীয়ে৷ যাৰ জৰিয়তে  অন্য এপবোৰত হোৱা অতিৰিক্ত ডাটা খৰচ বচাব পাৰিব ইউজাৰে।

গুগলৰ এই এপ টোৰ নাম হৈছে 'Datally'। বহল অৰ্থত কবলৈ গলে Data (ডeটা) আৰু Tally (টেলি)। গুগল সংস্থাই জানিবলৈ দিয়া মতে এই এপৰ জৰিয়তে গ্ৰাহক তথা ইউজাৰে জানিব পাৰিব কোনটো এপত কিমান এম বি ডাটা খৰচ হৈছে। লগতে প্রয়োজন সাপেক্ষে  সেই ডাটা ব্যবহাৰ কমাব পাৰিব ইন্টাৰ নেট ব্যৱহাৰকাৰীয়ে। এই দাবী গুগল কোম্পানীৰ।

নেটৱৰ্কৰ ব্যৱহাৰ তথা WiFiৰ সংযোগৰ ভিত্তিত এই ডাটা নিয়ন্ত্রণ কৰা যাব বুলি ও কয়।

বৰ্তমানে কেৱল ফিলিপাইনতহে এই এপটো লঞ্চ কৰিছে গুগলে। য’ত ৫ লাখ ইউজাৰে এই এপ ব্যবহাৰ কৰিছে। ইয়াৰ জৰিয়তে গ্ৰাহক সকলে কমপক্ষেও ৩০% ডাটা বচাব পাৰিছে বুলি  খবৰ পোৱা গৈছে৷ শীঘ্ৰে বিশ্বৰ সকলো প্ৰান্ততে উপলব্ধ হব এই এপ৷