newsnextone.com | ডিজিটেল ডেস্কঃ মেনুৱেল আৰু স্বয়ংক্ৰিয় ট্ৰান্সমিছন উপলব্ধৰে গুৱাহীটাবাসীলৈ সুখবৰ আনিছে ৰেনল্ড কুইডে। মহানগৰীৰ লালমাটি স্থিত ৰেনল্ড শ্ব'ৰূমত ১৬ তাৰিখে মুকলি কৰা হয় এই সুবিধা বিশিষ্ঠ বাহনখন। ইয়াৰ লগতে আছে আৰু NAVৰ প্ৰথমশ্ৰেীৰ টাচস্ক্ৰীণ ডিছপ্লে আৰু ৰিজাৰ্ভ পাৰ্কিং কেমেৰা।

আজিৰ এই মুকলি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী শাখাৰ পৰিচালক আতিকুৰ ৰহমান আৰু এছ বি আইৰ ডিজিএম গৌতম ৰায়চৌধুৰী। বাহন খনৰ সন্দৰ্ভত ৰহমানে জানিবলৈ দিয়া অনুসৰি কোনো অতিৰিক্ত খৰচ বহন নকৰাকৈয়ে গ্ৰাহকে লাভ কৰিব পাৰিব এই নতুন বিশেষ সুবিধা সমুহ। 

বাহন খন মুকলি কৰা সময়ত ৰায়চৌধুৰীয়ে কয়, "সুৰক্ষা, আৰামদায়ক আৰু ষ্টাইলিচ বাহ্যিকভাৱে কুইড এখন আকৰ্ষণীয় গাড়ী। ইয়াৰ উপৰিও অন্য এটা ভাল কথা হ'ল যে, এই গাড়ী খন এক দামত উপলব্ধ হ'ব।"

ৰেনল্ড কুইড আৰামদায়ক, সুৰক্ষিত ড্ৰাইভ, হেণ্ডেলিং আৰু ব্ৰেকিং চিষ্টেমেৰে সুসজ্জিত। অতিৰিক্ত সুৰক্ষাৰ বাবে কুইড ফ্ৰন্ট ELR,ছীট বেল্ট আৰু ইপছৰ নতুন ELR ছীটবেল্ট, ড্ৰাইভ ছাইড এয়াৰবেগ আৰু কেন্দ্ৰীয় লকিং চিষ্টেম আছে।

বাহন খনৰ Ergo Smart কেবিনৰ কাৰণে ক'লা, ৰঙা আৰু গ্ৰে ৰঙৰ কাপোৰৰ ব্যৱহাৰে যাত্ৰীক ৰোমাঞ্চকৰ অনুভৱ কৰাব বুলি আশা প্ৰকাশ কৰা হৈছে।