প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ সৌৰজগতৰ সিপাৰে ২৯টাকৈ নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে নাছাই৷ ইয়াৰে ১০টাত গ্ৰহত আছে শিলৰ উপস্থিতি৷ এই কথা সদৰী কৰিছে নাছাৰ মহাকাশ বিজ্ঞানীৰ এটা দলে৷

উক্ত গ্ৰহকেইটাত পানীৰ উপস্থিতি এক মুখ্য কাৰক ৰূপে পৰিগণিত হৈছে নাছাৰ বাবে৷ পৃথিৱী সদৃশ আকাৰৰ উক্ত গ্ৰহকেইটাত প্ৰাণীকূলৰ অস্তিত্বৰ সম্ভাৱনীয়তাৰ কথাও নুই কৰা নাই নাছাই৷ ২০০৯চনত মহাকাশত নাছাই আৰম্ভ কৰিছিল কেপলাৰ মিছন৷ উক্ত মিছনৰ অধীনতে এই গ্ৰহকেইটা ধৰা পেলাইছে মহাকাশ সংস্থাটোৱে৷

উক্ত গ্ৰহকেইটাক ধৰি মুঠ ৫০টা গ্ৰহত জীৱকূলৰ অস্তিত্বৰ বিষয়ে উমান পোৱা গৈছে৷ উক্ত গ্ৰহকেইটাই পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ দৰেই সূৰ্য অনুৰূপ নক্ষত্ৰক প্ৰদক্ষিণ কৰে৷ উল্লেখ্য যে, মহাকাশত পৃথিৱীৰ দৰে গ্ৰহৰ সন্ধানত অহৰহ গৱেষণাত ব্ৰতী হৈ আছে নাছা।