newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত নতুন ৰেকৰ্ড গঢ়িলে৷ ইয়াৰ পূৰ্বে পেট্ৰল আৰু ডিজেল ইমান মূল্যত বিক্ৰী হোৱা নাছিল দেশত৷ বিগত সময়ৰ ভিতৰত পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সকলো সীমা অতিক্ৰম কৰে৷ 

দেওবাৰে পুৱাৰে পৰা অসমত প্ৰতিলিটাৰ পেট্ৰ’লত ৩৪ পইচাকৈ বৃদ্ধি হৈ পেট্ৰ’লৰ দাম ৭৮ টকা ৩৭ পইচা হয়। প্ৰতি লিটাৰ ৭৮.৩৭ টকাকৈ বিক্ৰী হৈ আছে৷ শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম আছিল ৭৮.০৩ টকা৷ আনহাতে পেট্ৰলৰ মূল্যতকৈ অলপ তলতে ডিজেল প্ৰতি লিটাৰত ৭০ টকা ৫৩ পইচাকৈ বিক্ৰী হৈ আছে৷ শনিবাৰে প্ৰতি লিটাৰ পেট্ৰল-ডিজেলত পুনৰ বৃদ্ধি হয়৷ 

দিল্লীত প্ৰতিলিটাৰ পেট্ৰলত ৭৬ টকা ২৪ পইচাকৈ বিক্ৰী হয় দেওবাৰে৷ আনহাতে মুম্বাইত ৮৪ টকা ৭ পইচাকৈ বিক্ৰী হয় প্ৰতি লিটাৰ পেট্ৰল৷

যাৰ ফলত দৰিদ্ৰ, শ্ৰমিক, খেতিয়ক, মধ্যবৃত্তই মূৰে-কপালে হাত দিব লগা হৈছে৷ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, গুৱাহাটীত দেওবাৰে পুৱাৰে পৰা প্ৰতি লিটা পেট্ৰলত পুনৰ মূল্য বৃদ্ধি হয়৷ আনহাতে পেট্ৰলৰ মূল্যতকৈ অলপ তলতে ডিজেলৰ মূল্য৷

দক্ষিণ এছিয়াৰ ভিতৰত ভাৰততে এতিয়া পেট্ৰল-ডিজেল দাম সৰ্বাধিক৷ বিশ্বৰ বজাৰৰ দোহাই দি দাম বৃদ্ধি হোৱা বুলি তৈল সংস্থা সমূহে কব বিচাৰে৷ ২০১৬ চনৰ পৰাই তেলৰ শুল্কও বৃদ্ধি কৰা হয়৷