নলবাৰীঃ পশ্চিম নলবাৰীৰ নদলাত অহা ৯ মে’ত ঐতিহ্যমণ্ডিত নদলা কেঁচাইখাইটী থানত দিনজোৰা কাৰ্যসূচীৰে ১১৯ তম্ বাৰ্ষিক চৌ পূজাৰ আয়োজন কৰা হৈছে৷ হৰেন বৰ্মনক সভাপতি, ৰমেশ কাকতিক উপ-সভাপতি, বিপিন কাকতিক সম্পাদক হিচাপে লৈ এখন পূজা পৰিচালনা সমিতি গঠন কৰিছে৷
পূজাৰ কাৰ্যসূচী অনুসৰি ২৫ বহাগ (৯ মে’)ৰ ৰাতিপুৱা ৬-৩০ বজাত “চৌ” নিৰ্মানৰ কাম আৰম্ভ, ৭ বজাত পতাকা উত্তোলন, ৮ বজাত বন্তি প্ৰজ্বলন কৰিব মন্দিৰৰ স্থায়ী দেউৰী শ্ৰী মতী কুসুম বৰ্মনে। ইয়াৰ পিছতে গছপুলি ৰোপন কৰিব উপেন বৰ্মন, মুকুন্দ চৌধুৰী, মদন তালুকদাৰ আৰু শংকৰদেৱ মধ্যইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে। শ্বহীদ তৰ্পণ কৰিব ৰমেশ কাকতি, প্ৰনৱ বৰ্মনে। কামৰূপীয়া ঢুলীয়াৰ অনুষ্ঠান, চৌ স্থাপন আৰু পূজা আৰম্ভ কৰা হ’ব।