নগাঁওঃ এখুজি-দুখুজিকৈ ধৰালৈ নামি আহিছে শীত৷ তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজলধৰা ধানৰ সোণালী আভা৷ তাতে আকৌ সোণত সুৱগা চৰাইছে পোহৰৰ উৎসৱ দীপাৱলীৰ জাকজমকতাই৷ পৰিণতিত চৌপাশে কেৱল দেখা গৈছে অপাৰ আনন্দ-উল্লাসৰ ঢল৷
এনে এক প্ৰাণোজ্জ্বল পৰিৱেশৰ মাজতে কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে আজি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী লোকসকলেও উৎসাহ-উদ্দীপনাৰে পালন কৰিলে কাতি বিহু৷ তদনুযায়ী আগ চোতালৰ তুলসীজোপাৰ তলত আৰু খেতি পথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ বিপৰীতে এই বিহুৰ আনুষাংগিক পৰম্পৰা হিচাপে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে জ্বলালে আকাশ-বন্তি৷