ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ শেহতীয়া খবৰ অনুসৰি নাগালেণ্ডত কংগ্ৰেছ দলে ২৯খন, মেঘালয়ত বিজেপিয়ে ২৩খন আৰু ত্ৰিপুৰাত বিজেপি দলে ৩৮খন আসনত আগবাঢ়ি আছে৷ এই বিধানসভা নিৰ্বাচনৰ ফলাফলত ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২ গৰাকী আৰু নাগালেণ্ড ১৯৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পূৰ্বে উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ বিশেষত্বৰ বিষয়ে জানিবলৈ পঢ়ক………………..
মেঘালয়
১. মেঘালয়ত ট্ৰেকিং, কেবিং, হেণ্ড গ্লাইদিং, আৰু ৱাটাৰ স্পৰ্টছক দৰে বহুতো মনোৰঞ্জনধৰ্মী খেল আছে৷
২. মেঘালয়ৰ ৰাজধানী শ্বিলঙক ‘উত্তৰ-পূবৰ স্কটলেণ্ড’ নামেৰে জনা যায়৷
৩. মেঘালয় পূৰ্বে অসমৰ অন্তৰ্গত আছিল৷ কিন্ত ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাছী, গাৰো আৰু জয়ন্তীয়া পাহাৰীয়া দিলাক একত্ৰিত কৰি মেঘালয় ৰাজ্য হিচাপে গঠিত হয়৷
৪. মেঘালয়ৰ মূখ্য ভাষা ইংৰাজী৷ ইয়াৰোপৰি খাছী, পনাৰ আৰু গাৰো ভাষাও কথিত ভাষা হিচাপে ব্যৱহৃত হয়৷
৫. মেঘালয়ৰ ৭০ শতাংশ অঞ্চল জংগলে আৱৰা৷ যাৰ বাবে মেঘালয় এছিয়াৰ ভিতৰতে বনস্পতিৰ বাবে বিখ্যাত৷