newsnextone.com | ডিজিটেল ডেস্কঃ পথত মাৰপিট সংঘটিত কৰাৰ অভিযোগৰ পৰা মুক্তি লাভ কৰিছে পঞ্জাৱ চৰকাৰৰ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱে৷ আদালতে মন্ত্ৰীগৰাকীক অভিযোগৰ পৰা ৰেহাই দিয়ে৷ কিন্তু উচ্চতম ন্যায়ালয়ে সিদ্ধুক সাধাৰণ মাৰপিতৰ বাবে দোষী সাব্যস্ত কৰে৷ যাৰ বাবে তেওঁক জেইল প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ১ হাজাৰ টকা জৰিমনা ভৰিবলৈ নিৰ্দেশ দিয়ে৷
১৯৮৮ চনত পথত মাৰপিট কৰা সংক্ৰান্তত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ আদালতে সিদ্ধুূক দোষী সাব্যস্ত কৰি ৩ বছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল৷ উচ্চ ন্যায়ালয়ৰ এই শাস্তি ঘোষণাৰ পিছত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল৷