ডিজিটেল ডেস্কঃ আপুনি দেখিবলৈ কিমান ধুনীয়া? নিজৰ সৌন্দৰ্য্যক লৈ সন্দেহ আছে নেকি আপোনাৰ? কি ৰঙৰ, কেনে ধৰণৰ পোছাক পিন্ধিলে সঁচাকৈয়ে আপোনাক ধুনীয়া দেখা হ’ব সেয়া ভাবি কেতিয়াবা দোধোৰ-মোধোৰত পৰে নেকি? এতিয়াৰে পৰা এই ক্ষেত্ৰত আৰু দোধোৰ-মোধোৰত পৰিবলগীয়া নহয় আপুনি।
আপোনাৰ এনে সমস্যা উপলব্ধি কৰি আমাজনে লৈ আহিছে এক বিশেষ যতন। কি কাপোৰৰ লগত কি পিন্ধিলে আপুনি হাজাৰৰ মাজত জিলিকি উঠিব সেয়া এতিয়াৰে আপোনাক জনোৱাৰ দায়িত্ব লৈছে আমাজনে। আপোনাৰ ব্যক্তিত্বৰ সৈতে সুন্দৰকৈ খাপ খাই যোৱাকৈ কাপোৰৰ পৰামৰ্শ দিয়াৰ বাবে আমাজনে নিৰ্মাণ কৰিছে এক বিশেষ প্ৰযুক্তি।