117
গুৱাহাটীঃ উচ্চতম ন্যায়ালয়ে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে৷ এই সময়সীমা ১৫ ডিচেম্বৰত অন্ত পৰাৰ কথা আছিল৷
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাছত প্ৰায় ৪০ লক্ষ আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদিও তেওঁলোকক নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে ন্যায়ালয়ে পূৰ্বে ১৫ ডিচেম্বৰলৈ দাবী আৰু আপত্তি দাখিলৰ সময়সীমা বান্ধি দিছিল৷