গুৱাহাটীঃ মানুহৰ দৈনন্দিন জীৱন-প্ৰণালী আৰু ব্যস্ততাৰ মাজত এগৰাকী সু-স্বাস্থ্যৰ গৰাকী হোৱাৰ প্ৰয়োজন হয়৷ এক সুস্থ-সবল শৰীৰ হ’লেহে মানসিক স্বাস্থ্যও ভালে থাকিব৷ যেনেদৰে মানুহৰ শৰীৰক পুষ্টিৰ প্ৰয়োজন থিক তেনেদৰে মানুহৰ দেহৰ এক বিশেষ অংশ চুলিকো প্ৰয়োজন হয় প্ৰটিনৰ৷ চুলিয়ে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে যদিও এই বিষয়ষত প্ৰায় লোকে গুৰুত্ব দিয়া দেখা নাযায়৷
দেহৰ প্ৰত্যকটো অংগৰ দৰে চুলিয়েও বিশেষ কাম কৰে বুলি জানিব পৰা গৈছে৷ বিজ্ঞানসন্মতভাৱে চুলিত গ্ৰন্থি আছে৷ দিনক দিনে বৃদ্ধি পাবলৈ ধৰা প্ৰদূষণ, বতৰৰ বিশেষ আৰ্দ্ৰতাৰ বাবে মানুহৰ বিভিন্ন চুলিৰ সমস্যা দেখা দিয়ে৷ যাৰ বাবে মানুহে চিকিৎসকৰ পৰামৰ্শ ল’বলগীয়া হয় যদিও আন লোকে অাৰ্থিক অভাৱৰ বাবে সেই খৰচ বহন কৰিব নোৱাৰে৷