ওদালগুৰিৰ গৰুৱাঝাৰত পথ দূৰ্ঘটনা সংঘটিত হয়
আজি পুৱা ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা
চাইকেলেৰে গৈ থকা অৱস্থাতে ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই যায় মহিলা গৰাকীক

newsnexoneওদালগুৰি ৮ অক্টোবৰঃ ওদালগুৰিৰ গৰুৱাঝাৰত আজি পুৱা ১১:৩০ বজাত এক ভয়ঙ্কৰ পথ দূৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত মানগ্ৰী মুণ্ডা নামৰ এগৰাকী মহিলা নিহত হয়৷উল্লেখযোগ্য যে নিজৰ স্বামীৰ সৈতে চাইকেলেৰে জীয়েকৰ ঘৰলৈ গৈ আছিল মহিলা গৰাকী।চাইকেলেৰে গৈ থকা অৱস্থাতে এখন ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই থৈ যায় মহিলা গৰাকীক৷ ফলত ঘটনা স্থলীতে নিহত হয় মানগ্ৰী মুণ্ডা নামৰ মহিতা গৰাকী।ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখন। আজি পুৱা ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা৷