Home সংস্কৃতিবতৰৰ বিঘিনিৰ বাবে কেন্দ্ৰীয় ৰঙালী বিহু-জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ দিন সলনি

বতৰৰ বিঘিনিৰ বাবে কেন্দ্ৰীয় ৰঙালী বিহু-জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ দিন সলনি

by News Desk
A+A-
Reset
bio

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ বতৰৰ বিধি পথালি তথা ওদালগুৰি চহৰত নেৰানেপেৰাকৈ অব্যাহত থকা বৰষুণৰ ফলত ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ওদালগুৰিৱাসী ৰাইজৰ সহযোগত  অহা ৩ মে’ শুক্ৰবাৰে অনুষ্ঠিত হবলগীয়া পঞ্চম বাৰ্ষিক সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনিৰ দিন সলনি কৰিবলৈ বাধ্য হৈছে। 

আজি সংবাদমাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিতোপন দাসে কয় যে সমাৰোহখনিৰ বাবে যাৱতীয় সকলো ধৰণৰ কাম সম্পূৰ্ণ হৈ উঠিছিল। কিন্তু বিগত প্ৰায় দেওবাৰৰ পৰা ওদালগুৰি চহৰত চলি থকা নেৰা নেপেৰা বৰষুণৰ ফলত উদযাপনস্থলীৰ মুকলি পথাৰত বৰষুণৰ পানী জমা হোৱাৰ পৰিপ্ৰেক্ষিত পথাৰখনত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনি অনুস্থিত কৰিব নোৱাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ফলত আগন্তুক ৩ মে’ৰ পৰিৱৰ্তে ১৪ মে’ত উক্ত স্থানতে পঞ্চম বাৰ্ষিক সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনি আয়োজন কৰা হব বুলি অভ্যৰ্থনা সমিতিয়ে জানিবলৈ বিবৃতিযোগে দিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0