ছিংগাপুৰঃ পাকিস্তানৰ বিৰুদ্ধে সামৰিক সংঘৰ্ষত ভাৰতীয় বায়ু সেনাৰ ‘প্ৰাথমিক ক্ষতি’ৰ কথা স্বীকাৰ ভাৰতৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ। ভাৰত-পাকিস্তানৰ সংঘাতৰ পিছত ভাৰতীয় সেনাৰ ক্ষয়-ক্ষতিক প্ৰশ্ন উত্থাপন কৰি আহিছিল বিৰোধীয়ে। কিন্তু ভাৰত চৰকাৰ অথবা সেনাই এই সন্দৰ্ভত দীৰ্ঘসময় ধৰি মৌনতা অৱলম্বন কৰি আহিছিল যদিও অৱশেষত পৰোক্ষভাৱে হ’লেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে চিডিএছ চৌহানে। কিন্তু পাকিস্তানে চাৰিখন ৰাফেলসহ মুঠ ৬ খন ভাৰতীয় বিমান ভূপতিত কৰা বুলি কৰা দাবীক স্পষ্টভাৱে খণ্ডন কৰে জেনেৰেল চৌহানে।
ছিংগাপুৰত অনুষ্ঠিত শ্বাংগ্ৰী-লা ডাইলগৰ আঁৰত ব্লুমবাৰ্গ টিভিৰ সৈতে হোৱা এক বিস্ফোৰক সাক্ষাৎকাৰত তেওঁ এই মন্তব্য কৰে। জেনেৰেল চৌহানে কয় যে যুঁজাৰু বিমানবোৰ ভূপতিত কৰাটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিয় ভূপতিত হৈছিল আৰু কি ভুল হ’ল সেয়াহে গুৰুত্বপূৰ্ণ। তেওঁ কয় যে ভাল কথাটো হ’ল আমি আমাৰ কৌশলগত ভুলবোৰ উপলব্ধি কৰিলোঁ, সেইবোৰ শুধৰাই ল’লো আৰু দুদিনৰ পাছত আমি সেই কৌশল পুনৰ ব্যৱহাৰ কৰিলোঁ আৰু আমাৰ সকলো জেট বিমান উৰুৱাই দীৰ্ঘ দূৰত্বৰ লক্ষ্যত আক্ৰমণ কৰিলোঁ।