87
ডিজিটেল ডেস্কঃ যিমানেই ভাৰত-পাকিস্তান শত্ৰুতাক স্বাৰ্থান্বেষী লোকে সাৰ-পানী যোগাই নাথাকক কিয়, প্ৰেমে কিন্তু দেশৰ পৰিধি নামানে। সেয়ে হয়তো উজমা নামৰ ভাৰতীয় মহিলাক বিয়া পতা পাকিস্তানী নাগৰিক তাহীৰ আলিয়ে ভুল বুজা-বুজি দুৰ কৰিবৰ বাবে লগ কৰিব বিচাৰিছে পত্নীক।
ইছলামাবাদস্থিত ভাৰতীয় হাই কমিশ্যনত সম্প্ৰতি আশ্ৰয় লৈ থকা বিতুষ্ট পত্নীগৰাকীক লগ কৰি সকলো মান-অভিমান দুৰ কৰাৰ বাবে আদালতৰ কাষ চাপিছে তাহীৰ।