NewsNextOne.com@তেজপুৰঃ-
শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসে সমষ্টিবাসীক দেখুৱাইছে পৰিৱৰ্তনৰ জোৱাৰ। শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সমষ্টিৰ বালিপৰা আৰু ৰঙাপৰাত আজি ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসে শুভাৰাম্ভ কৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ কেইবাটাও গৃহৰ লগতে কেইবাটাও নৱনিৰ্মিত পথ মুকলি কাৰে ।
মন্ত্ৰী গৰাকীয়ে প্ৰথমে বালিপৰাৰ পাটগাওঁত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা আৱাসগৃহৰ মুকলি কৰি পাছত দিঘলী বালিজান পুননিৰ্মিত পথটোৰ ওপৰিও বালিপৰা আৰু ৰঙাপৰাৰ বহুকেইটা নৱনিৰ্মিত পকী পথ মুকলি কৰে।