Home ৰাজ্যঘৰত পকী শৌচাগাৰ অবিহনেই পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ন হৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী !!!

ঘৰত পকী শৌচাগাৰ অবিহনেই পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ন হৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী !!!

by News Desk
94 views
A+A-
Reset

নগাঁও,২০নবেম্বৰঃ প্ৰহসনত পৰিণত ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা । জিলা পৰিষদৰ প্ৰাৰ্থীৰ ঘৰত নাই কোনো পকী শৌচাগাৰ। পিছে চিমেণ্টৰ বেগেৰে বনোৱা  শৌচাগাৰ আছে দুটা। ঘৰত শৌচাগাৰ নথকা সত্বেও জিলা পৰিষদৰ সদস্য হিচাপে অৱতীৰ্ণ হোৱাৰ অনুমতি কেনেকৈ পালে প্ৰাৰ্থীয়ে? 

এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সমষ্টিৰ হাতীচোং জিলা পৰিষদত ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে বৰ্তমান ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে এতিয়া পঞ্চায়ত নিৰ্বাচনী গৰম বতাহ। পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হবলৈ হলে ইতিমধ্যে প্ৰাৰ্থীৰ যোগ্যতাৰ মাপকাঠী নিৰূপন কৰিছে ৰাজ্যিক নিৰ্বাচনী অায়োগে। নিৰ্বাচন আয়োগৰ বিধি অনুসৰি,পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী গৰাকীৰ ঘৰত থাকিব লাগিব পকী শৌচাগাৰ। তদুপৰি মনোনয়ন পত্ৰৰ লগত প্ৰাৰ্থীয়ে তেওঁৰ ঘৰত থকা পকী শৌচাগাৰ থকাৰ প্ৰমান হিচাৱে দাখিল কৰিব লাগিব যাৱতীয় প্ৰমাণ পত্ৰ আৰু পায়খানা থকাৰ হলফনামাও। পঞ্চায়ত আইন ( সংশোধনী ) ২০১৮ ৰ জৰিয়তে এই নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে। কিন্তু বটদ্ৰৱা সমষ্টিত এই বিধি উলংঘা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে এগৰাকী মহিলা প্ৰাৰ্থী৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0